সকলোৱে সম্পাদনা কৰিব পৰা ৱিকিপিডিয়াৰ অসমীয়া সংস্কৰণলৈ স্বাগতম। ইয়াত বৰ্তমান 1,018 টা প্ৰৱন্ধ আছে।
আপোনাৰ প্ৰয়োজন হোৱা বিষয়টো ওপৰৰ “ইনপুট বক্স”টোত লিখি সন্ধান কৰিব পাৰে।
ইতিমধ্যেই অসমীয়া ৱিকিপিডিয়াত একাউণ্ট থকাসকলে লগ্‌-ইন কৰিবলৈ ইয়াত ক্লিক কৰক।
"ৱিকিপিডিয়া" এখন বিশ্বকোষ। বিশ্বৰ যিকোনো বিষয়ে শুদ্ধ আৰু নিৰপেক্ষ ভাবে জ্ঞান
সংগ্ৰহ কৰি সকলোলৈকে বিনামূল্যে উপলব্ধ কৰাৰ প্ৰয়াসেৰে এই আন্তৰ্জাতিক আৰু
বহুভাষিক প্ৰকল্পৰ সূচনা কৰা হৈছে। পৃথিৱীৰ বিভিন্ন স্বেচ্ছাসেৱক লেখকে বিভিন্ন
স্থানৰ পৰা নিজৰ নিজৰ অৰ্হতা অনুসৰি কোনো বিষয়ত অৱদান দি বিভিন্ন ভাষাত
ৱিকিপিডিয়া প্ৰতিষ্ঠা কৰিছে। "ৱিকিমিডিয়া ফাউণ্ডেশ্যন" নামৰ ২০০১ চনত প্ৰথমতে
ইংৰাজী ৱিকিপিডিয়াৰ পৰা আৰম্ভ কৰা এই প্ৰকল্পৰ অধীনত এতিয়ালৈকে প্ৰায় ২৮০
টামান ভাষাৰ ৱিকিপিডিয়া প্ৰতিস্থা হ’ল। বৰ্তমান বিশ্বৰ প্ৰায় ৩৬০ নিযুত মানুহে
ব্যৱহাৰ কৰা এই ৱিকিপিডিয়াবোৰৰ সংখ্যা ভৱিষ্যতলৈও বাঢ়ি গৈ থাকিব।
এই ৱিকিপিডিয়াবোৰত তথ্যৰ শুদ্ধতা আৰু নিৰপেক্ষতাৰ ওপৰত অতিশয় গুৰুত্ব আৰোপ কৰা
হয়। বিশ্বৰ যিকোনো স্থানৰপৰা যিকোনো মানুহে ইণ্টাৰনেটৰ জৰিয়তে বিনামূল্যে
যিকোনো ৱিকিপিডিয়াৰ পৰা জ্ঞান আহৰণ আৰু উপভোগ কৰিব পাৰে। “ৰাইজৰ দ্বাৰা
ৰাইজৰ বাবে” সংকলিত এই ৱিকিপিডিয়াক থোৰতে “গণবিশ্বকোষ” বুলিব পাৰি।
ৱিকিপিডিয়াৰ বাহিৰেও ৱিকিমিডিয়াৰ তত্বাৱধানত ৱিক্স্যনেৰী (ৱিকি-অভিধান),
ৱিকিনিউজ আদি বিভিন্ন সহ উদ্যোগেৰে ৱিকিমিডিয়াৰ মুক্ত জ্ঞানবিতৰণৰ এই অভিনৱ
প্ৰয়াসে আজি এক গণ আন্দোলনৰ ৰূপ লৈছে।
